November 16, 2025 7:07 PM

views 85

কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে

কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৯২৪ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল পদ্ধতিৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে উধমপুৰৰ চন্নি মোৰৰ পৰা ল'ৱাৰ চৌণ্ঠন ৰোডলৈ পথছোৱা মুকলি কৰে। গ্রামীন পথ উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উধমপুৰে অবিৰতভাৱে শীৰ্ষৰ ৩খন জিলাৰ ভিতৰত স্থান লাভ কৰি...