September 7, 2026 8:38 PM | Shivraj Singh Chauhan

printer

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ নতুন দিল্লীত বৈঠক

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি ৰাজ্যসমূহৰ বৰ্ষিত অংশগ্ৰহণৰ জৰিয়তে কৃষি বিজ্ঞানকেন্দ্ৰসমূহৰ কাম কাজ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কাৰ্যপন্থা পর্যালোচনা কৰিবলৈ আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অহা বছৰ মাৰ্চৰ পূৰ্বে কৃষি বিজ্ঞান কেন্দ্রসমূহে অগ্ৰাধিকাৰ দিয়া আন্তঃগাথনিমূলক দিশসমূহ বিকশিত কৰি তোলাৰ কাৰ্যপন্থা আলোচনা কৰা হয়। বৈঠকত শ্রীচৌহানে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যত উপনীত হবলৈ ৰাজ্যচৰকাৰসমূহৰ সক্রিয় অংশগ্ৰহণ তথা সঠিক সমর্থন লাভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ শক্তিশালী সমন্বয়, যথাসময়ত বিত্তীয় সমর্থন, আধুনিক আন্তঃগাথনি, যথেষ্ট জনবল আৰু জিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা কাৰ্যপন্থাসমূহৰ সঠিক ৰূপায়ণৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে কৃষক সম্প্রদায়সমূহ উপকৃত হোৱাৰ লগতে কৃষি খণ্ডত দিয়া দিয়া শেহতীয়া প্রত্যাহ্বানসমূহৰ মুখামুখি হ’ব পাৰি বুলি তেওঁ মত প্রকাশ কৰে। ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ কেন্দ্ৰৰ সৈতে শক্তিশালী সমন্বয় থকা উচিত বুলি উল্লেখ কৰি তেঁও কয় যে ইয়াৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্রসমূহ গ্রামীন উদ্যমিতা, উদ্ভাবন, দক্ষতা বিকাশ তথা কৃষি প্রযুক্তি উপলভ্যতাৰ ক্ষেত্ৰত কাৰ্যকৰী মঞ্চ হিচাপে বিকশিত হৈ উঠিব। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ সাম-কাজ সুচাৰুৰূপে ৰূপায়িত হোৱাটো সুনিশ্চিত কৰিবলৈ জনবল অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেও কয় যে ৰাজ্যসমূহে খালী থকা পদসমূহ সময়মতে পূৰ কৰা উচিত। বৈঠকত ২০২৮ চনৰ ডিচেম্বৰৰ পূৰ্বে সকলো কৃষি বিজ্ঞান কেন্দ্রত ইনকিউবেচন তথা দক্ষতা কেন্দ্ৰ স্থাপনৰ সবিশেষ আলোচনা কৰা হয়। তদুপৰি বৈঠকত প্রধানমন্ত্রী ধন ধন্য কৃষি যোজনা ৰূপায়ণ কৰা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়।