কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুবছৰত নেতাগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় একতা আৰু শক্তিৰ প্ৰতি চৰ্দাৰ বল্লভ ভাই পেটেলৰ চিন্তাধাৰা আৰু দৰ্শনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি বোটাডৰ চালংপুৰৰ কষ্টভঞ্জন হনুমানজী মন্দিৰত শ্ৰীগোপালানন্দ স্বামী যাত্রী ভৱন মুকলি কৰে। ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই ভৱনটোত আধুনিক সা-সুবিধাৰে সুসজ্জিত এহেজাৰ এশটা কক্ষ আছে। শ্ৰীশ্বাহে কাইলৈ আহমেদাবাদৰ পিৰানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি কৰিব। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্রতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা যাব।
Assamese | October 31, 2024 7:40 PM | Amit Shah
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত