July 14, 2026 1:33 PM | Krishak Sabha

printer

কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত কৃষক সভা

কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাটশিঙিমাৰী প্ৰেছক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্রীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত তেওঁ কৃষকসকলে কেনেদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কৃষক পঞ্জীয়নৰ সংখ্যা কম হোৱাৰ বাবে অসম গণ পৰিষদৰ নেতা-কর্মীসকলে কৃষকৰ কাষলৈ গৈ পঞ্জীয়ন প্রক্ৰিয়াক সহায় কৰাৰ বিষয়েও আলোচনা কৰা হয়। সভাত ভালেসংখ্যক কৃষক, কৃষক সংগঠনৰ বিষয়ববীয়া আৰু কর্মী উপস্থিত থাকে।

কোকৰাঝাৰ জিলাত কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বড়োলেণ্ড প্রশাসনিক কর্মচাৰী মহাবিদ্যালয়ত সমন্বিত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে কামৰ অগ্ৰগতিৰ মূল্যায়ন আৰু কৃষক পঞ্জীয়ন সন্দৰ্ভত হোৱা এই পর্যালোচনা বৈঠকত প্রশাসন আৰু কৃষক সমাজৰ ভালেসংখ্যক লোক উপস্থিত থাকে।