July 14, 2026 6:39 PM | pishush Hazarika

printer

কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলি পীযূষ হাজৰিকাৰ মন্তব্য

ৰাজ্যৰ কৃষকসকলক ইউৰীয়াৰ লগত নেনো ইউৰীয়াৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি কৃষি মন্ত্ৰী পিযুষ হাজৰিকাই আজি সদনত দোঁহাৰে। তেওঁ কয়, যে একাংশ অসাধু সাৰ ব্যৱসায়ীয়ে ইউৰীয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। ৰাজ্য চৰকাৰে সকলো জিলাৰ আয়ুক্ত, জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ কয়। প্ৰতিখন জিলাত সাৰ ক্ৰয়- বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফোৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত ৭ হাজাৰৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।