July 14, 2026 6:39 PM

views 2

কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলি পীযূষ হাজৰিকাৰ মন্তব্য

ৰাজ্যৰ কৃষকসকলক ইউৰীয়াৰ লগত নেনো ইউৰীয়াৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষি মন্ত্ৰী পিযুষ হাজৰিকাই আজি সদনত দোঁহাৰে। তেওঁ কয়, যে একাংশ অসাধু সাৰ ব্যৱসায়ীয়ে ইউৰীয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। ...