কুৱেইট চৰকাৰে ৰাষ্ট্ৰীয় ৰেডিঅ’ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান আৰম্ভ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰতি দেওবাৰে কুৱেইট ৰেডিঅ’ত আধা ঘণ্টাৰ বাবে এই অনুষ্ঠান প্ৰচাৰ কৰা হয়। দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত ভাৰতীয় চলচ্চিত্ৰ আৰু কলা জগতৰ চৰ্চা অতিকে জনপ্রিয় বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।
Assamese | June 30, 2024 5:17 PM | Mann Ki Baat
কুৱেইটৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান প্ৰচাৰৰ বাবে কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন