বাৰিষা ঋতু সন্দৰ্ভত মত প্ৰকাশ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাত নিৰ্মাণ কৰা কাৰথুম্বি নামৰ এবিধ বিশেষ ছাতিৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ৰং বিৰঙৰ ছাতি নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলৰ প্ৰশংসা কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত এই ছাতিৰ বৰ্ধিত চাহিদাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, মহিলাৰ নেতৃত্বত কেৰালাৰ জনজাতীয় সম্প্রদায়ে উদ্যমশীলতাৰ অপূৰ্ব নিদর্শন আগবঢ়াইছে। তেওঁ কয় যে এই মহিলাসকলে খুচুৰা বিপনী আৰু পৰম্পৰাগত কাফে মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। তেওঁ কয় যে, ভোকেল ফৰ লোকেল অর্থাৎ স্থানীয় সামগ্ৰীৰ পোষকতা কৰাৰ ইয়াতকৈ ভাল উদাহৰণ একোৱেই হ’ব নোৱাৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্রধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাতত অন্ধ্ৰপ্ৰদেশৰ অল্লুৰী সীতাৰাম ৰাজু জিলাত ব্যাপক মাত্ৰাত উৎপাদিত অৰাকু কফিৰ কথাও উল্লেখ কৰে। এই কফি অনন্য স্বাদ আৰু সুগন্ধিৰ বাবে জনাজাত। এই কফিৰ খেতিৰ সৈতে প্ৰায় ডেৰ লাখ আদিবাসী পৰিয়াল জড়িত হৈ আছে।
Assamese | June 30, 2024 5:32 PM | Maan ki Baat
কাৰথুম্বি নামৰ বিশেষ ছাতিৰ নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা