কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ ২৬গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ডবে ছাৰচিং ইংতিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেণ্ডবে কাৰ্বি সমাজৰ কল্যাণ, সৱলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্রপন্থী সংগঠনৰ মাজত ২০২১ চনত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছিল।
Assamese | June 18, 2026 8:11 PM | OATH TAKING
কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ ২৬গৰাকী সদস্যৰ শপত গ্ৰহণ