July 13, 2024 8:45 PM | meeting dc kamrup

printer

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ পথ সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যপন্থাসমূহ পর্যালোচনা কৰা হয়। জিলাখনত বিগত ৩ মাহত পূৰ্বতকৈ পথ দুর্ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে পৰৱৰ্তী সময়ত মহানগৰীৰ ৰাজপথ দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত কৰি তোলাৰ বাবে বিভাগসমূহক দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি দুৰ্ঘটনাৰ সম্ভাৱনা থকা এলেকাৰ ডিভাইডাৰসমূহত উচ্চ ক্ষমতাসম্পন্ন ষ্ট্ৰীট লাইট স্থাপন, পথচাৰীৰ বাবে ক্ৰছিঙৰ ব্যৱস্থা কৰা, বিভিন্ন স্থানত অবৈধভাৱে গঢ় লৈ উঠা দোকান-বজাৰ আদি উচ্ছেদ কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বৈঠকত সজাগতা সৃষ্টিৰ লগতে গুৱাহাটীৰ বিভিন্ন এলেকাৰ ঘাইপথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ প্ৰদৰ্শন কৰা হয়।