ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ’ব । এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰো ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব।
এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ’ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ’ বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ’ প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ ৩৭টা ভ্রাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ’ব।
তিনিদিনীয়াকৈ হ’বলগীয়া এই কাৰ্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্রকাশ কৰিছে।