তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অন্তৰ্গত কামৰূপ নির্বাচনী জিলাত ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত ৮ লাখ ৩৮ হাজাৰ ৪৯৩ গৰাকীৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪ লাখ ১৮ হাজাৰৰো অধিক পুৰুষ আৰু ৪ লাখ ২০ হাজাৰৰো অধিক মহিলা ভোটদাতা। জিলাখনত ১৪,৮৮৭ গৰাকী ভোটদাতা প্ৰথমবাৰৰ বাবে পঞ্জীভুক্ত হৈছে। জিলাখনত নিৰ্বাচনী প্রস্তুতি দ্রুত গতিত অব্যাহত আছে আৰু দেওবাৰে ১৬ টা দুৰণিবতীয়া ভোটকেন্দ্ৰলৈ নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মীসকল ৰাওনা হ’ব। জিলাখনত ২১৪ গৰাকী জ্যেষ্ঠ নাগৰিক আৰু ২১ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই ইতিমধ্যে নিজৰ বাসগৃহৰ পৰা ভোটদান কৰিছে। নিৰ্বাচনৰ বাবে জিলাখনত ৪,৪৬৮ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হ’ব। ভোটকেন্দ্ৰসমূহৰ ভিতৰত ১৯ টা মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত, এটা যুৱ বিষয়াৰ দ্বাৰা পৰিচালিত, ৪ টা আদর্শ ভোটকেন্দ্র আৰু এটা বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব ।
Assamese | May 5, 2024 12:57 PM | 3rd Phase Election
কামৰূপ নির্বাচনী জিলাৰ ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত প্ৰশাসনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ