কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী পীযুষ গোৱেলে কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে মন্ত্ৰী শ্ৰী গোৱেলে জানিবলৈ দিয়ে যে, এই বৈঠকত দুয়োজন মন্ত্ৰীয়ে ভাৰত আৰু কানাডাৰ মাজত হ’বলগীয়া সপ্তম বিভাগীয় স্তৰৰ আলোচনাত অন্তৰ্ভুক্ত কৰিবলগীয়া বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে জানিবলৈ দিয়ে যে, দুয়ো পক্ষই কানাডা আৰু ভাৰতৰ মাজত হ’ব পৰা দ্বিপাক্ষীক বাণিজ্য, বিনিয়োগৰ প্ৰচাৰ তথা দুয়োখন দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Assamese | November 13, 2025 8:40 PM | India-Canada Meet
কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰে মন্ত্ৰী পীযুষ গোৱেলৰ বৈঠক