আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজৰ বৰ্ধিত সংঘৰ্ষৰ বাবে কানাডাত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ উভতি গৈছে। বিশ্বনেতাসকলে পশ্চিম এছিয়াৰ উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাই যুটীয়া বিবৃতি জাৰি কৰা কেইঘণ্টামানৰ পিছতে শ্ৰীট্টাম্পে বৈঠক সামৰি আমেৰিকালৈ বুলি ৰাওনা হয় ৷
ট্রাম্পে জি চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সতীৰ্থ নেতাসকলক ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাবে অব্যাহত থকাৰ বিষয়ে প্ৰকাশ কৰা বুলি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই জানিবলৈ দিছে। শ্রীট্রাম্পে সামাজিক মাধ্যমযোগে জি ছেভেন শীৰ্ষ সন্মিলন আধাতে সামৰাৰ সৈতে যুদ্ধবিৰতিৰ কোনো সম্পর্ক নাই বৰং তাতকৈ বৃহৎ কিবা এটাৰ বাবেহে তেওঁ স্বদেশলৈ উভতি যোৱা বুলি প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ এই বিষয়ে সবিশেষ কৰা নাই । ট্রাম্পে বৈঠক এৰি ওলাই অহাৰ কিছুসময় পূৰ্বে আমেৰিকা, কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান আৰু ব্ৰিটেইনক লৈ গঠিত জি ছেভেন ৰাষ্ট্ৰগোষ্ঠীয়ে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষৰ সমাধানৰ বাবে আৰু অঞ্চলটো সুস্থিৰ কৰি তোলাৰ বাবে ব্যাপক প্ৰয়াসৰ বাবে আহ্বান জনায়। কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক তেহৰান এৰিবলৈ সকিয়াই দিছিল আৰু ইৰানে আঞ্চলিক উচতনি যোগোৱা কাৰ্যৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই নানিলে সংঘর্ষ বৃদ্ধি পাব পাৰে বুলি পৰামৰ্শ আগবঢ়াইছে। ইজৰাইলৰ সৈন্য বাহিনীয়ে যোৱা শুকুৰবাৰে ইৰানৰ একাংশ এলেকাক লক্ষ্য কৰি ক্ষেপনাস্ত্ৰ আক্ৰমন আৰম্ভ কৰাৰ পাছত অঞ্চলটোত নতুনকৈ হিংসাৰ সূত্ৰপাত ঘটিছে। ইৰানেও প্ৰত্যুত্তৰত ইজৰাইলৰ কেইবাখনো চহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
Assamese | June 17, 2025 7:49 PM | G-7 Meet
কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ প্ৰত্যাৱৰ্তন