ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্র দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্টীয় পতাকা অর্ধনমিত কৰা ৰখা হ’ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ফাডাৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে অল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰক বিকাশ আৰু সমৃদ্ধিৰ শিখৰলৈ লৈ যোৱাত নেতৃত্ব দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিত উল্লেখ কৰা মতে সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজু ভাৰত চৰকাৰৰ হৈ সমবেদনা জনোৱাৰ বাবে কাটাৰলৈ গৈছে।
Assamese | July 13, 2026 12:07 PM | Condolence Day
কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই ভাৰতৰ আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন