কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰে পৰা জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ হ’ব। বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বন বিভাগ আৰু পৰ্যটন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উদ্যানখনৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে হোৱা এখন বৈঠকত কালি বহুকেইটা সিদ্ধান্ত গ্রহণ কৰা হয়।
সমাগত পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালনা তথা পর্যটন ব্যৱস্থা অধিক উন্নত কৰাক লৈও বৈঠকত কেতবোৰ সিদ্ধান্ত লোৱা হয়।
ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুন নতুন ক্ষেত্রলৈ পর্যটকক আকৰ্ষণ কৰা আৰু স্থানীয় লোকৰ উপাৰ্জনৰ সহায় হোৱাকৈ পৰিবেশ পর্যটন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত যোৱা বছৰৰ ছেপ্তেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আগবঢ়োৱা নীতি নির্দেশনাৰ ওপৰতো আলোকপাত কৰা হয়।
এই অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত পৰ্যটকৰ মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়টো আলোচনা কৰা হয় বুলি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্রাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।
ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্রী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।