কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডক অধিক সু-সংগঠিত, বহনক্ষম আৰু, পৰ্যটক অনুকূল কৰি তোলাৰ লক্ষ্যৰে কালি কঁহৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমাগত পর্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে পৰ্যটনৰ জৰিয়তে স্থানীয় ৰাইজৰ সংস্থাপনৰ বাট মুকলিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত জীপ ছাফাৰী, হাতী ছাফাৰী, স্থানীয় পর্যটন উদ্যোগী, বিভিন্ন দল-সংগঠন আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময়ত কৰা হয়। এই বৈঠকতে সমাগত পর্যটন বর্ষৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি জীপ আৰু হাতী ছাফাৰীৰ অনলাইন বুকিং ব্যৱস্থা আৰম্ভ কৰা, ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুন নতুন অঞ্চললৈ পর্যটকসকলক আকৰ্ষিত কৰা, পৰিৱেশ পর্যটন ব্যৱস্থা অধিক সু-সংগঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
ইয়াৰ পূৰ্বে, বনমন্ত্রী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্রাণী পুনর্বাসন আৰু সংৰক্ষণ কেন্দ্ৰৰ পুনর্বাসন ব্যৱস্থা পর্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে নির্মীয়মান ৩২টা আৱাস গৃহ পৰিদৰ্শন কৰাৰ লগতে পূৱ অসম বন্যপ্রাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। শ্রীমল্ল বৰুৱাই এই আৱাসগৃহ প্ৰকল্পই বনৰক্ষীসকলক উপকৃত কৰিব বুলি আশা প্রকাশ কৰে।