কাছাৰ জিলাত চলোৱা দুটা পৃথক অভিযানত আৰক্ষীৰ মুঠ ১৬ হাজাৰ য়াবা টেবলেট জব্দ

কাছাৰ জিলাৰ কাতিগড়া থানাৰ অন্তৰ্গত লাঠিমৰা আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ ১৬ হাজাৰ য়াবা টেবলেট জব্দ কৰে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্রায় ৪ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি লাঠিমৰাত চলোৱা অভিযানত হাচান আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা ৬ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট জব্দ কৰা হয়। ইপিনে, শিলচৰ আৰক্ষীয়ে শিলচৰ নগৰৰ পৰা তমিজুদ্দিন লস্কৰ আৰু আছাদুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা ১০ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট জব্দ কৰা হয়। দুয়োটা ঘটনাতে এন দি পি এছ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে।