মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা কাইলৈ বিহাৰৰ ৰাজগীৰত আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই প্ৰতিযোগিতা উদ্বোধন কৰিব। প্ৰতিযোগিতাত ভাৰতসহ মূল ৬ খন দেশে অংশগ্রহণ কৰিব। ২০ নৱেম্বৰত সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত আটাইকেইখন খেল নৱনিৰ্মিত ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত, চীন, জাপান, মালয়েছিয়া, থাইলেণ্ড আৰু কোৰিয়াৰ দলকেইটা ইতিমধ্যে বুদ্ধগয়াত উপস্থিত হৈছে। কাইলৈ দিনৰ ১২-১৫ মিনিটত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত জাপান কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | November 10, 2024 12:11 PM | Hockey
কাইলৈ বিহাৰৰ ৰাজগীৰত মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা