July 31, 2026 11:59 AM | IMDA

printer

কাইলৈ পৰ্যন্ত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী- ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী- ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোঁৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মোককচাং আৰু ঊষা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষ তথা নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। প্ৰাধিকৰণে প্ৰয়োজন নহ’লে ঘৰ বা নিৰাপদ স্থানৰ পৰা ওলাই নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। দঁ আৰু পাহাৰৰ দাঁতিত বাস কৰা লোকসকলক বান বা ভূমিস্খলন প্ৰৱণ স্থানৰ পৰা আঁতৰি নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ প্ৰাধিকৰণে অনুৰোধ জনাইছে।

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।