July 31, 2026 11:59 AM

views 23

কাইলৈ পৰ্যন্ত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী- ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী- ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোঁৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মোককচাং আৰু ঊষা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাই...

July 30, 2026 7:59 PM

views 12

অহা ৩-৪ দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্রবল বৰষুণৰ হোৱাৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্রবল বৰষুণৰ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা ১ আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক ...