কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্রায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্রী উপকৃত হ’ব। শ্রীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহন ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্রমণ কালতে তেওঁ ৰাজ্যখনৰ বালোট্রাত প্রায় ১ লাখ ছহেজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্রকল্পসমূহে পেট্রকেমিকেল, নগৰ পৰিবহন, ৰেলৱে’, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল’ব। দেশৰ শক্তি আৰু পেট্রকেমিকেল খণ্ডই বৃহৎ সাফল্য হিচাপে প্রধানমন্ত্রীয়ে বালোটাৰ পাছপাড্ৰাত দেশৰ প্ৰথমটো গ্রীনফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

তেওঁ ১৩ হাজাৰ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তোড়িমোৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-দক্ষিণ মেট কৰিড’ৰে সীতাপুৰা আৰু বিশ্বকর্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ ৩৬টা ষ্টেচনক সংযোগ কৰিব। প্রধানমন্ত্রীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্রায় ৫৪ হাজাৰ যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰও বিতৰণ কৰিব।

ৰাজস্থান ভ্রমণ সামৰি সন্ধিয়া প্রধানমন্ত্রী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমিকণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্রকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ’ব বুলি আশা কৰা হৈছে। এই প্রকল্পটো ৭হাজাৰ ৫০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে নির্মাণ কৰা হৈছে।