July 3, 2026 6:03 PM
5
কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো উদ্বোধন কৰিব। প্রায় ৪৮০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি ২০ লাখ যাত্রী উপকৃত হ'ব। শ্রীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহন ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্রমণ কালতে তেওঁ ৰাজ্যখনৰ বালোট্রাত প্রায় ১ লাখ ছহেজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্রকল্পসমূহে পেট্র...