ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা – নীট কাইলৈ হ’বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্রিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মকড্রিল সন্ধিয়া পর্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত দুই লাখ ৫ হাজাৰ নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্র ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সিক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্রশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অর্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ’ব। সমগ্ৰ দেশৰ ৫ হাজাৰৰো অধিক কেন্দ্ৰত কাইলৈ হ’বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্রুটিমুক্ত কৰাৰ উদ্দেশ্যেৰে চিচিটিভি নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্রক্রিয়াটো নেচনেল টেষ্টিং এজেন্সিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষাক কেন্দ্ৰ তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলার্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্রিকভারে দৃষ্টি ৰখা হ’ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে ২২ লাখ পৰীক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ১৮ লাখে ইতিমধ্যে এডমিট কার্ড ডাউনলোড কৰিছে।
কাইলৈ হ’বলগীয়া এই পৰীক্ষা শান্তিপূর্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্রশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ৫টা কেন্দ্র কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ-সুবিধাৰ বুজ লয়।
শোণিতপুৰ আৰু নগাঁও জিলা প্রশাসনেও কাইলৈৰ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক কৰে। আটকাধীন লোকজন দিখাৰি গাঁৱৰ পংকজ দত্ত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্রতিদিনে অভিযান চলাই আছে।