প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। প্ৰতিৰক্ষা সম্পদৰ সঞ্চালকালয় প্ৰধানৰ দ্বাৰা বিকশিত ভাৰত-২০৪৭ৰ বাবে কৌশলগত ৰূপৰেখা বিষয়বস্তুৰে দুদিনীয়া এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত বিগত এবছৰত প্ৰতিৰক্ষা সম্পদ বিভাগৰ সফলতা আৰু পদক্ষেপ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা ভূমি সম্পদ বিভাগৰ সচিব মনোজ যোশী, ভাৰতৰ এটর্ণী জেনেৰেল আৰ ভেংকটৰমণীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ আলোচনা অনুষ্ঠিত হ’ব।
Assamese | September 17, 2025 8:37 PM | Rajnath Singh
কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন