July 16, 2026 6:42 PM | PM Visit Haryana

printer

কাইলৈ দেশৰ প্ৰথমখন হাইড্র’জেন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰে’লৱে ষ্টেচনত জিন্দ আৰু শোনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্র’জেন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। হাইড্র’জেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ইন্ধন কোষ প্রযুক্তিৰে এই ৰে’লখন চলোৱা হ’ব। এই প্রক্রিয়াত উপজাত দ্রব্য হিচাপে কেৱল জলীয় বাষ্প নির্গত হোৱাৰ ফলত ৰে’লখন চলাচলৰ সময়ত কার্বন নির্গমন শূন্য হয়। ভাৰতত প্ৰস্তুত কৰা নক্সা আৰু অভিযান্ত্রিক শৈলীৰে থলুৱা প্ৰযুক্তিৰে বিকশাই তোলা এই ৰে’লখনে দেশৰ ক্ৰমবিকশিত ৰে’লৱে প্ৰযুক্তিৰ সামৰ্থ্যকে প্ৰতিপন্ন কৰিছে।

কাইলৈৰ পৰা হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাব ভ্রমণ কৰিবলগীয়া শ্রীমোদীয়ে এই ভ্রমণকালত জিন্দৰ একলব্য ষ্টেডিয়ামত ১৪,৭০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। প্রধানমন্ত্রীয়ে কাইলৈ বিয়লি চণ্ডীগড়লৈ গৈ তাত ৬,৬০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেবা, শিক্ষা আৰু পথ আন্তঃগাঁথনি প্রকল্প আছে। তেওঁ চণ্ডীগড়ত নৱনির্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্র তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নির্মিত আধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে পঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।