July 16, 2026 6:42 PM
3
কাইলৈ দেশৰ প্ৰথমখন হাইড্র’জেন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰে'লৱে ষ্টেচনত জিন্দ আৰু শোনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্র'জেন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। হাইড্র'জেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ইন্ধন কোষ প্রযুক্তিৰে এই ৰে'লখন চলোৱা হ'ব। এই প্রক্রিয়াত উপজাত দ্রব্য হিচাপে কেৱল জলীয় বাষ্প নির্গত হোৱাৰ ফলত ৰে'লখন চলাচলৰ সময়ত কার্বন নির্গমন শূন্য হয়। ভাৰতত প্ৰস্তুত কৰা নক্সা আৰু অভিযান্ত্রিক শৈলীৰে থলুৱা প্ৰযুক্তিৰে বিকশাই তোলা এই ৰে'লখনে দেশৰ ক্ৰমবিকশিত ৰে'লৱে প্ৰযুক্তিৰ সামৰ্থ্যকে প্ৰতিপন্ন ক...