জাপানৰ প্ৰধানমন্ত্রী চানায়ে তাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জানিবলৈ দিছে যে, এই সন্মিলনে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত-বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা তাকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ’ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতে নতুন দিল্লীত ভাৰত-জাপান বাণিজ্যিক মঞ্চত অংশগ্রহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিৰ এয়া হ’ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ।
Assamese | June 30, 2026 7:56 PM | Japan PM
কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে জাপানৰ প্ৰধানমন্ত্রীৰ ভাৰতলৈ আগমণ