মহানগৰীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত্ব মঞ্চই কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতা কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত অনুষ্ঠিত হ’ব। বিশ্বৰ সফল নাৰী বিষয়ক কুইজ প্ৰতিযোগিতাখনত নৱম শ্ৰেণীৰ পৰা গৱেষক ছাত্ৰীলৈ বাবে মুকলি থাকিব। চূড়ান্ত প্রতিযোগিতালৈ নিৰ্বাচিত হোৱা ৬টা দলক ক্ৰমে ৮ হাজাৰ, ৬ হেজাৰ, ৪ হাজাৰ, আঢ়ৈ হাজাৰ, ২হেজাৰ আৰু ডেৰ হাজাৰ টকাৰ নগদ ধনৰ লগতে ট্ৰফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব। চূড়ান্ত প্রতিযোগিতালৈ নিৰ্বাচিত নোহোৱা ছাত্ৰীসকলৰ মাজত সৰ্বাধিক শুদ্ধ উত্তৰ দিয়া দুগৰাকী ছাত্ৰীক শ্ৰেষ্ঠ দৰ্শকৰ পুৰষ্কাৰ প্ৰদান কৰা হ’ব। কুইজ প্রতিযোগিতাখনত যোগদান কৰিবলৈ ইচ্ছুক প্রতিযোগিতয়ে ৬০০১৮৭৬৬৮১ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।
Assamese | December 28, 2024 11:44 AM | Quiz Competition
কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতা