প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰিব। প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ’ব ১১২ সংখ্যক খণ্ড। আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ’ব মন কী বাতৰ দ্বিতীয়টো খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম’বাইল এপ যোগে প্ৰচাৰিত হ’ব। এই অনুষ্ঠান পোনপটীয়াভাৱে এয়াৰ নিউজ, ডি ডি নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউব চেনেলটো শুনিবলৈ পোৱা যাব। আকাশবাণীয়ে এই অনুষ্ঠানৰ পাছতে আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | July 27, 2024 9:01 PM | Maan ki Baat
কাইলৈ আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান