বিদেশ সচিব বিক্রম মিশ্রীয়ে কাইলৈৰ পৰা তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ বাবে এইয়া হ’ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া আদান-প্রদান অব্যাহত ৰখাৰ লগতে গ্লোবেল ছাউথৰ দায়বদ্ধতা, আফ্ৰিকাৰ বাবে থকা নীতি আৰু সাগৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ প্ৰতিফলিত কৰিব। ভাৰত আৰু মৰিছাছে দীৰ্ঘদিনৰে পৰাই দুয়োখন দেশৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু পৰম্পৰাগত সম্বন্ধক বৰ্তাই ৰাখিছে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰাখিছে। বিদেশ সচিবগৰাকীক এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধ আৰু প্ৰসাৰিত কৰাৰ সুবিধা প্ৰদান কৰিব।
Assamese | December 19, 2024 8:47 PM | Foreign Affairs | India Govt. | Vikram Misri
কাইলৈৰ পৰা ৩ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিশ্রী মৰিছাছলৈ যাব