কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬ত অধ্যক্ষতা কৰিব। এই সম্মিলনত গ্রামোন্নয়ন মন্ত্রী, শীর্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সর্বাংগীণ গ্রামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্রস্তুত কৰিব। শ্রীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় গ্রামোন্নয়ন সম্মিলন অনুষ্ঠিত কৰা হ’ব। এই সম্মিলনে গাঁওসমূহ বিকাশৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগ কৰিব। সন্মিলনত ভি বি জী ৰামজী আঁচনিৰ ৰূপায়ণ, গাঁও পঞ্চায়ত পর্যায়ত পৰিকল্পনা শক্তিশালী কৰা আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাৰ দিশত আলোচনা কৰা হ’ব।
Assamese | June 27, 2026 12:03 PM | Summit 2026
কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্রীয় গ্রামোন্নয়ন সন্মিলন ২০২৬