খেল’ ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ কাইলৈৰ পৰা উত্তৰ প্ৰদেশৰ মিৰাটৰ গডৱিন পাব্লিক স্কুলত অনুষ্ঠিত হ’ব। ৪ দিনীয়া এই প্ৰতিযোগিতাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই ক্রীড়া প্রতিযোগিতাৰ উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাটকে ধৰি পশ্চিম মণ্ডলৰ ৰাজ্যসমূহৰ মহিলা এথলীটসকল অংশগ্ৰহণ কৰিব। খেল’ ইণ্ডিয়া মহিলা লীগৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰতিযোগিতাৰ খেলসমূহ পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পৰা যাব।
Assamese | August 23, 2024 11:54 AM | Khelo India
কাইলৈৰ পৰা উত্তৰ প্ৰদেশত খেল’ ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ আৰম্ভ