ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগে ওড়িশা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, পূব মধ্যপ্রদেশ, মধ্য মহাৰাষ্ট্ৰ, বিদৰ্ভা আৰু চত্তিশগড়ত আজি পৰ্যন্ত বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ কৰ্ণাটক, তেলেংগানা আৰু ৰায়েলছিমাত বুধবাৰলৈ গ্রীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। পৰৱৰ্তী ২-৩ দিনত মধ্য আৰু পূব ভাৰতৰ ভালেমান অংশত সর্বাধিক তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলছিয়াছ বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূর্বানুমান কৰিছে।
Assamese | March 31, 2024 7:25 PM | IMD
কাইলৈপৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব