কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে।
ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে ২০২৬ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ২০২৫ বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, জিকিৰ আৰু জাৰীৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ ছামচুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ ২০২৬ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।
ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক ৩ লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক ২ লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ড° অনিল শইকীয়া উপস্থিত থাকে।
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত, কলাগুৰু আৰ্টিছ ফাউণ্ডেছন আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জুবিন ফেন ক্লাৱৰ বহু সদস্য উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ।
সদৌ অসম ছাত্ৰ সন্থাই কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণত ৰাভা দিৱস উদযাপন কৰিছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে ।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনতো ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।
ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰিৰ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে।
ডিব্ৰুগড় জিলাত দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয় ।
সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰে’লৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে
কার্বি আংলং জিলাতো ডিফু সাহিত্য সভাৰ উদ্যোগত ডিফুৰ ৰাংছিনা ভৱনত ৰাভা দিৱস উদযাপন কৰা হৈছে। ওদালগুৰি জিলা সাহিত্য সভাই শ্রীশ্রীগোৱিন্দ মিশ্র সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিছে। কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়।
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উপলক্ষে এক গাম্ভীৰ্য অনুষ্ঠানত আয়োজন কৰা হয়। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰা হয় ৷