June 20, 2026 8:43 PM

views 11

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর...