কলকাতাৰ চোৰবাগান দুর্গাপূজা মণ্ডপত কালি সংঘটিত মর্মান্তিক ঘটনাৰ পাছতে কলকাতা আৰক্ষীয়ে চোৰবাগানৰ আশে-পাশে বৃহৎ এলেকাজুৰি অহা তিনিদিনলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
আৰক্ষীয়ে ৫ জন বা ততোধিক লোকৰ সমাগম, শোভাযাত্রা, ৰাজহুৱা সভা আৰু বিপদজনক অস্ত্র-শস্ত্র কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইয়াৰ মাজতে কলকাতা আৰক্ষীয়ে আজি এই ঘটনাৰে জড়িত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইপিনে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি কলকাতাত উপস্থিত হৈ এই ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।
তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে, যোৱা নিশা এই ঘটনাত পদপিষ্ট হৈ কমেও ১৯ জন লোকে প্রাণ হেৰুওৱাৰ লগতে অন্য ২৫ জন লোক আহত হৈছিল।
ধাৰাষাৰ বৰষুণ আৰু আকস্মিকভাবে ভক্তৰ সংখ্যা বৃদ্ধিৰ বাবে এই ঘটনা সংঘটিত হয়। এই দুর্ঘটনাৰ পাছতে আহতসকলক ততাতৈয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়।
পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ লয় আৰু চিকিৎসাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২৫ লাখ টকাকৈ সাহায্য আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰে।