জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জাগীৰোড বিধানসভা সমষ্টিৰ তেলাহীৰ পৰা ৰহা বিধানসভা সমষ্টিৰ জোঙালবলহু গড়লৈকে কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰহা চকী অঞ্চলৰ কলং নৈৰ সোঁকাষৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ সৈতে আলোচনা কৰি শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্রায় ৪১ কোটি ৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিয়ে নগাঁও জিলাৰ এটা বৃহৎ অঞ্চলক কলং নৈৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিব বুলি মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰকাশ কৰে। পৰিদৰ্শনকালত স্থানীয় বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু লোকনিৰ্মাণ তথা জলসম্পদ বিভাগৰ অভিযন্তা বিষয়াসকল উপস্থিত থাকে।
Assamese | May 13, 2024 11:26 AM | Pijush Hazarika
কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ