গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্রঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুর্থ স্থান দখল কৰে। কালি প্রতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়াই কমনৱেল্থ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্রতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্রী হর্ষ সংঘৱীৰ হাতত অর্পণ কৰে। উল্লেখযোগ্য যে ২০৩০ চনৰ কমনবেল্থ গেমছ আহমেদাবাদত অনুষ্ঠিত হ’ব।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই কমনৱেল্থ গেমছত ভাৰতীয় দলৰ এই সাফল্যৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে খেলুৱৈসকলৰ অনবদ্য প্রদর্শনক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে ভাৰতে ৩৯ টা পদক জয় কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ এই উল্লেখনীয় সফলতাৰ বাবে পদক জয়ী খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয়, যে সমগ্র প্রতিযোগিতাখনত দেশৰ এথলিটসকলে অসামান্য দক্ষতা আৰু দৃঢ়তা প্রদর্শন কৰে। খেলুৱৈসকলৰ কঠোৰ পৰিশ্রমে দেশৰ যুৱচামক অনুপ্রাণিত কৰি যাব বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়ামন্ত্রী ড° মনসুখ মন্দাভিয়াই কমনবেল্থ গেমছত চতুর্থ স্থান লাভ কৰাৰ বাবে ভাৰতীয় দলক অভিনন্দন জনায়। এটা বার্তাত তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্রীড়াখণ্ড শক্তিশালী হোৱা স্পষ্টভাবে দেখিবলৈ পোৱা গৈছে। ভাৰতে ২০৩০-ত কমনৱেলথ গেমছৰ শতবর্ষ আয়োজনৰ কথা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্রতিযোগিতাৰ ইতিহাসৰ সৰ্বশ্রেষ্ঠ সংস্কৰণ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে।