অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে এই বঁটাৰ সূচনা কৰা হৈছে। দৰং জিলাৰ এটা প্ৰতিনিধি দলে কথাশিল্পী গৰাকীক আজি শিৱসাগৰত থকা তেওঁৰ বাসগৃহত আনুষ্ঠানিকভাৱে বঁটাটো প্ৰদান কৰে। বঁটাত এখন অংগবস্তু, এটা জাপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ আৰু এখন শৰাইৰ লগতে নগদ ধন আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ১৯৭২ চনৰ ৫ অক্টোবৰৰ দিনা শ্বহীদ মোজাম্মিল হকে মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ আহত হৈছিল আৰু পাছদিনা ৬ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে ২০০৮ চনৰ পৰা ৬ অক্টোবৰ দিনটোত কেন্দ্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হৈছে।
Assamese | October 20, 2024 7:40 PM | Imran Shah
কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা