কংগ্ৰেছে কালি বিয়লি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ ৰংগাৰেড্ডী জিলাৰ থুক্কু গুড়াত জনযাত্রা শীর্ষক ৰাজহুৱা সভাৰে ৰাজ্যখনৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰে। তেলেগু ভাষাত দলৰ ইস্তাহাৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছ তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰী গান্ধীয়ে এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ অংগীকাৰ লয়। কর্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ বাবে চলোৱা প্ৰয়াসত আলোকপাত কৰি নেতাগৰাকীয়ে কয় যে, তেলেংগানাত কংগ্ৰেছ চৰকাৰে ইতিমধ্যে ৩০ হাজাৰ কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু ৰাজ্য চৰকাৰে অধিক সুযোগ সৃষ্টিৰ পৰিকল্পনা কৰিছে।
Assamese | April 7, 2024 7:41 PM | Congress
কংগ্ৰেছ তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰঃ ৰাহুল গান্ধী