ভাৰতীয় জনতা পাৰ্টীয়ে আজি কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ শাসনকালত ভাৰত বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ ৫ খন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰাষ্ট্ৰ আছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম সম্ভাৱনাপূর্ণ স্থান হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ সাংসদ ৰবীশংকৰ প্ৰসাদে ব্ৰীকচ শীৰ্ষ সন্মিলনৰ পৰা ভাৰতে কেনেদৰে লাভান্বিত হ’ব বুলি প্ৰশ্ন উত্থাপন কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কংগ্ৰেছৰ শাসনকালত দেশৰ পৰিস্থিতি আৰু ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ ভাৰতৰ কি স্থান আছিল সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, যে কংগ্ৰেছৰ শাসনকালত ভাৰতৰ ওপৰত থকা বিশ্বৰ আত্মবিশ্বাস হ্ৰাস পাইছিল, মুদ্রাস্ফীতি বৃদ্ধি পাইছিল আৰু কোনো ধৰণৰ নীতি নথকাৰ বাবে দুৰ্নীতি বৃদ্ধি পাইছিল। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে গোলকীয় প্ৰত্যাহ্বান সত্তেও ভাৰতৰ অৰ্থব্যৱস্থা ৭ দশমিক ৮ শতাংশ বৃদ্ধি হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতক প্ৰশংসা কৰিছে।
Assamese | September 11, 2026 8:54 PM | BJP
কংগ্ৰেছক সমালোচনা ভাৰতীয় জনতা পাৰ্টীৰ