কংগোৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কংগোত ইব’লাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ১১ হাজাৰ অতিক্ৰম কৰিছে আৰু এই পর্যন্ত এই ৰোগত ৫ হাজাৰ ৩৮৭ জন লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি দেশখনত এই পর্যন্ত মুঠ ১১ হাজাৰ ৪২ জন লোক ইব’লাত আক্ৰান্ত হৈছে। দেশখনত মাৰাত্মক ৰূপত প্ৰাদুৰ্ভাৱ ঘটা এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত প্ৰায় আধা সংখ্যকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে।
বিগত মে’ৰ মাজভাগত সংক্রমণ হিচাপে ঘোষণা কৰা এই ৰোগৰ বীজাণু কংগোৰ ২৬খন প্ৰদেশৰ ভিতৰত ৮ খনত বিয়পি পৰিছে। সশস্ত্র সংঘাত, দুর্বল স্বাস্থ্যসেৱা ব্যৱস্থা, পথ সংযোগৰ দুৰৱস্থা আৰু সম্প্রদায়সমূহৰ মাজত থকা অনাস্থাৰ বাবে ইব’লা ৰোগৰ বীজাণু নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে।
ইব’লা ভাইৰাছৰ বুণ্ডিবুগ্য’ প্ৰজাতিৰ বাবে কংগোত এই প্ৰাদুৰ্ভাৱ ঘটিছে। উল্লেখযোগ্য যে ইয়াৰ বাবে বৰ্তমানো কোনো অনুমোদিত প্রতিষেধক বা নির্দিষ্ট চিকিৎসা উপলব্ধ নহয়।
ইটুৰি আৰু উত্তৰ কিভুত এই ৰোগ বেছিকৈ বিয়পি পৰা অঞ্চলসমূহত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰোগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অধিক জটিল কৰি তুলিছে। এই অঞ্চলবোৰত স্বাস্থ্যকৰ্মী আৰু চিকিৎসাকেন্দ্ৰসমূহো আক্ৰমণৰ সন্মুখীন হৈছে। উগাণ্ডা, কেনিয়া, নাইজেৰিয়া আদিকে ধৰি আফ্ৰিকাৰ আন আন দেশলৈও এই ৰোগৰ বীজাণু বিয়পি পৰাৰ বাতৰি আহিছে।