ওমান উপসাগৰত নিষেধাজ্ঞা অমান্য কৰাৰ প্ৰচেষ্টা চলোৱা এখন বাণিজ্যিক জাহাজত গুলীচালনা কৰা বুলি আমেৰিকাৰ সেনাই প্ৰকাশ কৰিছে।
কর্তৃপক্ষই জনোৱা অনুসৰি, বাৰম্বাৰ সতৰ্ক কৰাৰ পাছতো ছেইণ্ট কিটছৰ পতাকাবাহী জাহাজখনে নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ বন্দৰৰ যাত্ৰা সামৰি ওলাই যোৱাৰ চেষ্টা কৰাৰ সময়তে এই পদক্ষেপ গ্রহণ কৰা হয়। অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালীৰ জলভাগত আমেৰিকাই নৌ-অৱৰোধ বলবৎ কৰি ৰাখিছে।
ইপিনে, শনিবাৰে কিস্ম দ্বীপ আৰু জাস্ক বন্দৰত বিস্ফোৰণ সংঘটিত হোৱা বুলি ইৰাণৰ গণমাধ্যমে প্রকাশ কৰিছে যদিও এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈ স্পষ্ট হোৱা নাই। ইয়াৰ মাজতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে শুক্রবাৰে মন্তব্য কৰে যে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি আমেৰিকাৰ সেনাই সীমিত আক্রমণ চলাইছিল আৰু এয়া অতি সাধাৰণ।
আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ পাছত ইৰাণৰ বিৰুদ্ধে ট্রাম্পে অতিৰিক্ত আক্ৰমণ চলোৱাৰ কথা বিবেচনা কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা অব্যাহত আছে।