July 14, 2026 12:52 PM | Deadbody Return

printer

ওভতাই অনা হৈছে ভিয়েটনামত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ

ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ ওভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইন্সৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে, মুম্বাইৰ পৰা অন্ধ্র প্রদেশ, কেৰালা, আৰু তামিলনাডু ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ অন্তিম গন্তব্যস্থানলৈ মৃতদেহসমূহ অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।

ভিয়েটনাম কর্তৃপক্ষ আৰু চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰি দূতাবাসে কয় যে তেওঁলোকৰ প্ৰাৰ্থনা, প্রচেষ্টা আৰু উপস্থিতিয়ে শোকৰ এই সময়ত শক্তি প্রদান কৰিছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত ৩২ জন ভাৰতীয় পৰ্যটক আৰু চাৰিজন স্থানীয় ক্রু মেম্বাৰ কঢ়িয়াই অনা এখন স্পীডবোট বাগৰি পৰে আৰু ১৫ জন পৰ্যটকৰ মৃত্যু হয়। জীৱিত ষোল্লজন ভাৰতীয় পর্যটক দেশলৈ উভতি আহিছে আৰু এজন পর্যটক এতিয়াও ভিয়েটনামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।