July 14, 2026 12:52 PM

views 2

ওভতাই অনা হৈছে ভিয়েটনামত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ

ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ ওভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইন্সৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে, মুম্বাইৰ পৰা অন্ধ্র প্রদেশ, কেৰালা, আৰু তামিলনাডু ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ অন্তিম গন্তব্যস্থানলৈ মৃতদেহসমূহ অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। ভিয়েটনাম কর্তৃপক্ষ আৰু চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰি দূতাবাসে কয় যে ত...