এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমৰ বিভিন্ন ঠাইত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্রাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীবন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কর্মীসকল উপস্থিত থাকে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কর্মকর্তাসকলে আজি প্রগতি পথ যাত্রা কাৰ্যসূচী ৰূপায়ন কৰে।

গড়মূৰ তিনিআলিৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদলৈ উলিওৱা এই পথ যাত্রাত বিজেপিৰ জিলা সভাপতিকে ধৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰে।

দেশজোৰা এই অভিযানৰ অংশ হিচাপে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ বিধান সভা সমষ্টিৰ বিভিন্ন মণ্ডলৰ জ্যেষ্ঠ নাগৰিক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু শুভাকাংশীসকলক সাক্ষাৎ কৰে। যোৰহাট জিলাতো সংখ্যালঘু মৰ্চাৰ উদ্যোগত এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান চলোৱা হয়।