প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে এন ডি আৰ এফৰ কৰ্মকৰ্তাসকলৰ সাহস, নিষ্ঠা তথা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। দুৰ্যোগৰ প্রতি জনোৱা সঁহাৰি, জৰুৰী অৱস্থাত সুৰক্ষা সুনিশ্চিত কৰা তথা জীৱন ৰক্ষা কৰাৰ বাবে এন ডি আৰ এফৰ অতুলনীয় প্ৰতিশ্ৰুতিবদ্ধতাক তেওঁ প্ৰশংসা কৰে। দুৰ্যোগ সঁহাৰি তথা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এন ডি আৰ এফে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মান প্রতিষ্ঠা কৰা বুলি তেওঁ উল্লেখ কৰে।
Assamese | January 19, 2025 8:54 PM | NDRF
এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ কৰ্মকৰ্তাসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিবাদন জ্ঞাপন