October 11, 2026 8:17 PM | NCB

printer

এন চি বিৰ গুৱাহাটী মাণ্ডলিক গোটৰ অবৈধ মেথামফেটামাইন আৰু WY টেবলেট জব্দ

মাদকদ্রব্য নিয়ন্ত্রণ সংস্থা চমুকৈ এন চি বিৰ গুৱাহাটী মাণ্ডলিক গোটে প্রায় ৪৩ কোটি টকা বজাৰমূল্যৰ ৫৩ কিলোগ্রাম অবৈধ মেথামফেটামাইন আৰু ডব্লিউ ওৱাই টেবলেট জব্দ কৰে। এই অভিযান কালত দুজন ড্রাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এন চি বিয়ে প্রকাশ কৰা অনুসৰি জব্দ হোৱা মাদক দ্রব্যখিনি ম্যানমাৰৰ পৰা আহিছিল। সদ্যহতে মাদক দ্রব্যৰ আন্তঃৰাষ্ট্ৰীয় তথা স্থানীয় সৰবৰাহকাৰীকে ধৰি সমগ্ৰ নেটৱৰ্কৰ সকলো পক্ষক চিনাক্ত কৰাৰ বাবে অনুসন্ধান অব্যাহত আছে। মাদক দ্রব্য সৰবৰাহৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি এন চি বিয়ে কয় যে বিধি বলবৎকাৰী সঞ্চালকালয়, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, শুল্ক বিভাগ, সশস্ত্র সীমা বল, কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, অসম ৰাইফলছ, মাদক দ্রব্যবিৰোধী কাৰ্যগোট তথা ৰাজ্যিক আৰক্ষী বাহিনীসমূহৰ সৈতে সহযোগিতা অব্যাহত ৰখা হৈছে। এন চি বিয়ে মাদক দ্রব্যমুক্ত ভাৰত গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় সংকল্পৰ অংশ হিচাপে এই ক্ষেত্রত সকলো যোগান শৃংখলৰ প্ৰতিটো শুংসূত্ৰ ধৰা পেলোৱাৰ প্ৰতিশ্রুতি দোহাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।