October 11, 2026 8:17 PM
12
এন চি বিৰ গুৱাহাটী মাণ্ডলিক গোটৰ অবৈধ মেথামফেটামাইন আৰু WY টেবলেট জব্দ
মাদকদ্রব্য নিয়ন্ত্রণ সংস্থা চমুকৈ এন চি বিৰ গুৱাহাটী মাণ্ডলিক গোটে প্রায় ৪৩ কোটি টকা বজাৰমূল্যৰ ৫৩ কিলোগ্রাম অবৈধ মেথামফেটামাইন আৰু ডব্লিউ ওৱাই টেবলেট জব্দ কৰে। এই অভিযান কালত দুজন ড্রাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এন চি বিয়ে প্রকাশ কৰা অনুসৰি জব্দ হোৱা মাদক দ্রব্যখিনি ম্যানমাৰৰ পৰা আহিছিল। সদ্যহতে মাদক দ্রব্যৰ আন্তঃৰাষ্ট্ৰীয় তথা স্থানীয় সৰবৰাহকাৰীকে ধৰি সমগ্ৰ নেটৱৰ্কৰ সকলো পক্ষক চিনাক্ত কৰাৰ বাবে অনুসন্ধান অব্যাহত আছে। মাদক দ্রব্য সৰবৰাহৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি এন চি বিয়ে কয় যে ব...